লাচিত বৰফুকন আছিল এনে এজন দেশপ্ৰেমিক, মহাবীৰ যাৰ গুণ গৰিমাই সমগ্ৰ অসমখনকে ধন্য কৰি তুলিছিল । লাচিত বৰফুকনৰ জন্ম হৈছিল 1622 খৃষ্টাব্দত ,24 নৱেম্বৰত । তেখেতৰ  জন্ম দিনটো লাচিত দিৱস হিচাপে পালন কৰা হয় । তেখেতৰ পিতৃ নাম আছিল মোমাই তামুলী বৰুৱা । পিতাক মোমাই তামুলী বৰুৱা ৰজাঘৰৰ উচ্চ পদস্থ বিষয়া ।  তলতীয়া বিষয়া সকলৰ সৈতে হোৱা আলোচনা বিলোচনা , সমস্যা সিদ্ধান্ত দেখি শুনি তেওঁ সেইবোৰ বুজিবলৈ সক্ষম হৈছিল । লাচিত বৰফুকনে আহোম শাস্ত্ৰ , হিন্দু দণ্ড নীতি আৰু  অৰ্থশাস্ত্ৰ অনুসৰি ৰাজ ধৰ্মৰ শিক্ষা লগতে দেশৰ অতীত ইতিহাস সম্পৰ্কেও জ্ঞান লাভ কৰিছিল । সামৰিক শিক্ষাটো পাৰ্গত হৈ উঠিছিল লাচিত বৰফুকন । তেওঁ সৰুৰে পৰা দেউতাকৰ লগত ৰাজ’চৰালৈ অহা যোৱা কৰিবলৈ পাইছিল । স্বৰ্গদেও ৰাজপাটতচক্ৰধ্বজ সিংহই বহাৰ পিছতে লাচিত বৰফুকনক বৰ সেনাপতি পাতে । সেই সময়ত অসমৰ নামনি অংশ সম্পুৰ্ণৰূপে মোগলৰ হাতত আছিল । সেয়ে উদ্ধাৰ বাবে মন মেলে । 1667 খৃষ্টাব্দত লাচিত বৰফুকনৰ  নেতৃত্বত আহোম সেনাই যুঁজি ইটাখুলি আৰু গুৱাহাটীৰ দুৰ্গ জয় কৰিবলৈ সক্ষম হ’ল ।
শৰাইঘাটৰ যুদ্ধ :
স্বৰ্গদেৱ চক্ৰধ্বজ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ ভায়েক উদয় আদিত্য সিংহ ৰাজপাটত বহে । স্বৰ্গদেৱ চক্ৰধ্বজ সিংহৰ  মৃত্যুৰ পিছতে লাচিত বৰফুকনো নৰিয়াত পৰিল । মোগল সেনাপতি ৰামসিংহ এই কথা গম পাই লাচিত বৰফুকনৰ দুৰ্বল অৱস্থাতে আক্ৰমণ কৰিবলৈ উঠিপৰি লাগিল । মোগল সৈন্য যেতিয়া আন্ধাৰুবলি পাবৰ হ’ল তেতিয়া আহোম সৈন্য বিপদত পৰিলে। সেই সময়তে বৰফুকনে মোগলক মাটি আৰু পানী উভয়েদি আক্ৰমণ কৰিবলৈ কটকীৰ হতুৱাই আহোম সৈন্যলৈ বাৰ্তা পঠিয়ালে। ইয়াৰ উপৰিও তেওঁ নিজৰ বাবে সাতখন যুদ্ধৰ নাও সাজু কৰিবলৈ আদেশ দিলে। ইফালে নাৱৰ চহিয়ালে আহোমৰ নাওঁ পিছুৱাই অহা দেখি ফুকনৰ নাৱো উজাই বাবলৈ ধৰিলে  ।লাচিত বৰফুকনে নৰিয়া দেহাই নাৱত উঠি আহোম সেনা সকলক কলে ” বঙালে মোক ধৰি নিয়ক , শান্তিৰে ঘৰলৈ যাওঁক আপোনালোক । বৰফুকনৰ নৰিয়া দেহাই যুদ্ধ কৰিবলৈ অহা দেখি আহোম সৈন্যৰ হেৰুৱা মনোবল ঘূৰি আহিল । কামাখ্যা ,ইটাখুলি আৰু অশ্ব ক্ৰান্ত যুদ্ধৰ নাৱেৰে ভৰি পৰিল । আহোম সেনাই নাও যোৰা দি দলং সাজিলে । অসম স্বাধীনতা ৰক্ষাৰ বাবে প্ৰাণতাকি যুঁজিলে । বৰফুকনৰ বলত বলিয়ান হৈ সৈন্য সকলে মোগলক পৰাস্ত কৰি পাণ্ডু লৈকে খেদি পঠিয়ালে । সেই সময়ত গুৱাহাটী আৰু ইয়াৰ ওচৰ পাজৰৰ অঞ্চলক শৰাইঘাট বোলা হৈছিল । সেয়ে  আহোম-মোগলৰ এই যুদ্ধ খনক ‘শৰাইঘাটৰ যুদ্ধ ‘বোলা হয় । 1671 খৃষ্টাব্দৰ 5 এপ্ৰিলত ৰামসিংহ ভতিমুৱা হ’ল । যাওঁতে হাজোৰ মন্দিৰত সোমাই গল । মন্দিৰত থকা ব্ৰাহ্মণ সকলক ৰামসিংহই কলে – “বনৰ বাব লাচিত বৰফুকন সামান্য বীৰ নহয় । যন্ত্ৰাকৃতি গড় ।
শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই 1672 খৃষ্টাব্দত লাচিতৰ মৃত্যু হৈছিল।  উদয়াদিত্য সিংহ‍ই  যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ আঁতৰত “লাচিত মৈদাম” নিৰ্মাণ কৰে।

By Uttam

Leave a Reply

Your email address will not be published. Required fields are marked *