আজৰি সময়ঃ হেনৰী কেভেণ্ডিছ -আটাইতকৈ লাজকুৰীয়া মহান বিজ্ঞানীজন

 

হেনৰী কেভেণ্ডিছ আছিল এগৰাকী বৃটিছ ৰসায়নবিধ আছিল । নিউটনৰ মহাকাষকণীয় ধ্ৰুৱকৰে মান নিৰ্ণয় কৰা, ৰসায়ন বিজ্ঞান আৰু বিদ্যুতিক তত্ব সম্পৰ্কত তেওঁ কৰা গৱেষণা কাৰণে সুপ্ৰসিদ্ধ । 

কেভেণ্ডিছ আছিল অতিশয় লাজকুৰীয়া স্বভাৱৰ । তেওঁ কাৰণে সকলো মানুহেই আছিল অপৰিছিত ।'ৰয়েল ছচাইটি সভাবোৰত আৰু লণ্ডনত বিজ্ঞানীসকলে উদ্দেশ্য প্ৰত্যেক দেওবাৰে সন্ধিয়া ছাৰ জোচেফ বেংকে আয়োজন কৰা অভ্যৰ্থনাবোৰত হোৱা সংস্পৰ্শবোৰেই আছিল তেওঁৰ একমাত্ৰ সামাজিক সংস্পৰ্শ। খোনাই খোনাই আৰু তীক্ষ্ণ ভাষাৰে তেওঁ কথা কৈছিল আৰু একে সময়ত এজনতকৈ বেছি লোকৰ সৈতে কথা বতৰা পাতিব নোৱাৰিছিল । এবাৰ এগৰাকী বিশিষ্ট অষ্ট্ৰিয়া বিজ্ঞানীক মাত্ৰাধিক প্ৰশ‌ংসাৰে কেভেণ্ডিছ সতে পৰিচয় কৰি দিয়া হৈছিল । বিনিময়ত বেদেশী অথিগৰাকীয়ৰ লণ্ডনলৈ তেওঁকেই লগ কৰিবলৈ আহিছে বুলি কৈ কেভেণ্ডিছক ভূয়সী প্ৰশ‌ংসা কৰিবলৈ ধৰিছিল । কিন্তু কেভেণ্ডিছ ইমানেই লজ্জিত আৰু পাছত একেবাৰে বিভ্ৰান্ত হৈ পৰিল ।অৱশেষত বিলাতী এন্দুৰ এটাৰ নিচিনাকৈ তেওঁ ভিৰৰ মাজেৰে হঠাৎ বাহিৰলৈ লৰ মাৰিলে আৰু তেওঁ ঘোঁৰা গাড়ীখনত জাপমাৰী উঠি অন্তৰ্দ্ধান হল ।

যি কি নহওক ডঃ ৱলষ্টনে কেভেণ্ডিছৰ এই সংশয়ক জয় কৰিবলৈ পদ্ধতি এটা বিচাৰি পাইছিল ।তেওঁ কৈছিল " কেভেণ্ডিছৰ ফালে কেতিয়াও নোচোৱাটোৱেই হৈছে তেওঁ সৈতে কথা পতা উপাহ । কিন্তু তেওঁৰ লগত কথা পতাৰ উপায় । কিন্তু তেওঁ লগত কথা পাতিব লাগিলে শূন্যতাৰ লগত কথা পতা বুলি ভাবিব লাগিব আৰু আপুনি কথা কৈ থকাৰ মাজতে তেওঁ অন্তৰ্দ্ধান হোৱাটোও অসম্ভৱ নহয় । কেভেণ্ডিছ আছিল এগৰাকী নাৰী বিদ্বেষী লোক । তেওঁ বিয়া কৰোৱা নাছিল । আনকি নাৰীৰ লগত তেওঁ কোনো সম্পৰ্ক ৰখা নাছিল । এদিন ঘৰলৈ উভতি আহি তেওঁ খটখতিত ঝাড়ু আৰু বাল্টিয়ে সৈতে এগৰাকী মহিলা পৰিচালিকাক দেখি ইমানেই বিৰক্তি হ'ল যে তেওঁ পিছপিনে এটা নতুন খতখতি বনাবলৈ নিৰ্দেশ দিলে । তেওঁ অহা যোৱা কৰা অৰ্থ অতিক্ৰম কৰা ভালে কেইগৰাকী পৰিচাৰিকাক ইতিমধ্যে কামৰ পৰা খেদি দিছিল । আগতে এবাৰ বাঁহৰ জখলা এডালেৰে উঠি যাওঁতে তেওঁ দেখিলে দুগৰাকী ভদ্ৰ মহিলাই তেওঁৰ ফালে চাই আছে ।তেওঁ ইমানেই আতংকিত হল যে তেওঁ চিৰকালৰ কাৰণে সেই বাটটোকে পৰিত্যাগ কৰিলে আৰু অকলশৰে আন্ধাৰ হোৱাৰ পাছতহে খোজকঢ়া অভ্যাস কৰিবলৈ ধৰিলে । 

তেওঁ আচহুৱা চাৰিত্ৰিক বৈশিষ্ট্য বোৰৰ কাৰণে নামজ্বলা হৈ পৰিছিল । সকলো সময়তে তেওঁ ঘৰৰ ব্যক্তিগত পুথিভঁৰাল পৰা এখন কিতাপ লৈছিল কিন্তু বুক কাডোখনত চহী কৰিবলৈ পাহৰা নাছিল ।

কেভেণ্ডিছৰ মৃত্যু আছিল তেওঁ জীৱনৰ দৰেই নিঃসংগ । ৭৯ বছৰ বয়সলৈকে তেওঁ জীয়াই আছিল । তাৰপিছত এদিন মৃত্যু আসন্ন বুলি ভাৱি তেওঁ পৰিচাৰকজনক কোঠাৰপৰা ওলাই যাবলৈ আৰু এক নিৰ্দিষ্ট সময়ত ঘূৰি আহিবলৈ কলে । পৰিচাৰিকজন কেতিয়া ঘূৰি আহিছিল , তেতিয়া কেভেণ্ডিছ মৃত অৱস্থাত পালেহি । এয়া আছিল নিঃস্বাৰ্থ ভাৱে বিজ্ঞানৰ হকে কাম কৰাৰ এক অনবদ্য জীৱনৰ পৰিসমাপ্তি ।

No comments:

Powered by Blogger.