পৰমাণু এটা অণুবীক্ষণ যন্ত্ৰেৰে দেখা যায়নে ? পৰমাণু কি দৰে চাব পাৰি ?
পদাৰ্থৰ পৰমাণু বা এটম এটা খালী চকুৰে দেখা নাযায় বা সাধাৰণ অণুবীক্ষণ যন্ত্ৰৰেও দেখা নাযায় । আনকি ইলেক্টন অণুবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰিলেও পৰমাণু ভালদৰে দেখা নাযায় । এইখিনিতে প্ৰশ্ন হয় ,কিয় সাধাৰণ অণুবীক্ষণেৰে পৰমাণু দেখা নাযায় ? ইয়াৰ কাৰণ হ'ল আমি যিকোনো অণুবীক্ষণ যন্ত্ৰৰে চাবলৈ হ'লে লক্ষ্যস্তুটো আলোকিত কৰিবলৈ কিবা এটা ৰশ্মি পেলাই দিওঁ । সাধাৰণ অণুবীক্ষণ এটা ৰশ্মি হয় পোহৰ আৰু ইলেক্ট্ৰন অণুবীক্ষণত এটা ৰশ্মি হয় ইলেক্টন ৰশ্মি ।পিছে এই ৰশ্মিৰ তৰংগ দৈৰ্ঘতকৈ যদি লক্ষ্যস্তুৰ আকাৰ সৰু হয় তেন্তে আমি সেই বস্তুটো দেখা নাপাওঁ । পোহৰ ৰশ্মিৰ বেঙুনীয়া ৰঙৰ পোহৰৰ তৰংগদৈর্ঘ্য আটাইতকৈ কম । এই তৰংগদৈর্ঘ হয় ৪×১০^-৭ মিটাৰ । কিন্তু এটা পৰমাণু ইয়াতকৈ প্ৰায় ৪০০০০ গুণ সৰু হয় । পৰমাণুবোৰৰ ব্যাস প্ৰায় ১০^-১১ মিটাৰ ওচৰা ওচৰি ।গতিকে অণুবীক্ষণ যন্ত্ৰেৰে আমি পৰমাণু নেদেখোঁ ।
ইলেক্টন অণুবীক্ষণ যন্ত্ৰৰ কৰ্মপদ্ধতি বেলেগধৰণৰ ।ইয়াত লক্ষ্যবস্তুৰ এখন ছবি নিৰ্মান কৰা হয় বিদ্যুতিক আৰু চুম্বকীয় প্ৰভাৱ ব্যৱহাৰ কৰি ।এই প্ৰভাৱ লেন্সৰ দৰে কাম কৰে ,সাধাৰণ অণুবীক্ষণ যন্ত্ৰৰ দৰে ইয়াত লেন্স ইয়াত নাথাকে । তথাপি এটা ইলেক্টন অণুবীক্ষণ যন্ত্ৰৰে সৰু বস্তু এবিধৰ ছবি প্ৰায় ২ লাখ গুণমান ডাঙৰ কৰিব পাৰি ।অৰ্থাৎ এটা যন্ত্ৰেৰে এক ছেন্টি মিটাৰমান বহল ৰঙা লাওৰ গুটি এটা চালে গুটিটো ২ কিলোমিটাৰ মান বহল দেখা যায় ।সেয়া হ'লেও এই পৰিমাণৰ ডাঙৰ কৰিবও নোৱাৰি যে ইলেক্টন অণুবীক্ষণেৰে ছবি সাজিব পাৰি।
পৰমাণু এটাৰ ছবি সাজিবৰ বাবে দুটা পদ্ধতি ব্যৱহাৰ কৰা হয় । তাৰে এটা হ'ল স্কেনিং টানেলিং মাইক্ৰস্কপি চমুকৈ এছ তি এম) ।পৰমাণু চাবৰ বাবে ব্যৱহাৰ কৰা দ্বিতীয়টো পদ্ধতি হ'ল এটমিক ফৰ্চ মাইক্ৰস্কপি( বা চমুকৈ এ এফ এম) ।স্কেনিং টানেলিং মাইক্ৰস্কপি পদ্ধতিটোত পৰমানুটোৰ আকাৰ চাব পৰা কৰি পেলোৱা হয় । পৰমাণুৰ আকাৰ তাৰ ইলেক্টনবোৰৰ ঘূৰ্ণন পথৰ দ্বাৰা নিৰ্ধাৰিত হয় । দৰাচলতে ইলেক্টনবোৰ মেঘৰ দৰে ঘূৰি থাকে । ক্ষুদ্ৰ আকাৰৰ ধাতুৱে সজা এটা জোঙা পিনেৰে ইলেক্টনৰ ডাৱৰভাগ নিৰীক্ষণ কৰা হয় । পৰমাণু চাব খোজা পদাৰ্থৰ নমুনাটোৱে ওপৰে ওপৰে জোঙা পিনটোৱে গতি কৰে । তেতিয়া আমি পৰমাণুৰ পৰা জোঙা পিনটোলৈ এবিধ বিদ্যুতিক প্ৰবাহিত কৰা হয় যাৰ নাম টানেলিং কাৰেণ্ট । টানেলিং কাৰেন্টৰ পৰা ইলেক্টন ডাৱৰৰ ওখোৰা মুখোৱা লেণ্ডস্কেপৰ ছবি নিৰ্মান কৰিব পাৰি । অৱশ্যে এই ছবি কম্পিউটাৰ সহায়ত নিৰ্মাণ কৰা হয় । ইয়াকে আমি পৰমাণু দেখা বুলি কয় আচলতে তাৰ প্ৰতিবিম্বহে দেখা পাব পাৰো ।
No comments:
Post a Comment