ফল পকিলে ৰঙা হালধীয়া হয় কিয় ? বিজ্ঞানৰ আমোদজনক তথ্য ।
ফল পকিবলৈ লওঁতে বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিব পাৰে । এই আটাইবোৰ পৰিৱৰ্তন সকলো ধৰণৰ ফলতে নঘতিব পাৰে । কিন্তু সাধাৰণতে এই আটাইবোৰ পকন প্ৰক্ৰিয়া অংশ বুলিব পাৰি । সেই পৰিৱৰ্তনবোৰ ভিতৰত আছে -১.উশাহ নিশাহৰ হাৰ বঢ়া ২.ইথিলীন উৎপাদিত হোৱা ৩.ফলবোৰৰ মাংস কোমল হোৱা ৪. উদ্বায়ী বস্তুৰ সৃষ্টি হোৱা , যাৰ ফলত ফলটোৰ পৰা সুন্দৰ গোন্ধ ওলাবলৈ ধৰে ।
ফলটোৰ পকী অহাৰ লগে লগে তাৰ ৰঙ উজ্জল আৰু আকৰ্ষণীয় হৈ পৰে । ই ফলটোৰ বীজ অলৈ তলৈ বিয়পাই দিয়া কাৰকসমূহ যেন -মানুহ চৰাই ,অন্য প্ৰাণী আদিক আকৰ্ষণ কৰে । এই ৰঙেই হ'ল ফলটোৰ পকাৰ অতি গুৰুত্বপূৰ্ণ আৰু চকুত পৰা চিন । আম, ডালিম , বিলাহী আদিৰ ক্ষেত্ৰত আমি এই কথাবোৰ বৰ ভালদৰে লক্ষ্য কৰো ।পাত বুঢ়া হলে ৰঙ জলনী হয় । এই ক্ষেত্ৰত পাতৰ সেইজ-কণা ক্লৰফিল হানি হোৱা বাবে ৰঙ হবলৈ ধৰে । আনহাতে তেতিয়া ফলটোৰ গাত হালধীয়া , সুমথিয়া বা ৰঙা ৰঙৰ কণাৰ সৃষ্টি হ'বলৈ ধৰে । সুমথিয়া টেঙা , বিলাহী আদিৰ ক্ষেত্ৰত দেখা হালধীয়া ,ৰঙা,সুমথিয়া ৰঙৰ কণাবোৰ সৃষ্টি হয় ক্লৰপ্লাষ্ট কণাবোৰ ক্ৰমপ্লাষ্ট কণালৈ পৰিণত হোৱাৰ ফলত । ক্লৰপ্লাষ্ট হ'ল সেইজিয়া ৰঙৰ কণা আৰু ক্ৰমপ্লাষ্ট হ'ল ৰঙা হালধীয়া, সুমথিয়া আদি ৰঙৰ কণা । উচ্চস্তৰৰ উদ্ভিদবোৰৰ ক্ষেত্ৰত ক্ৰমপ্লাষ্টত থকা কেৰেট'নয়ড আৰু কোষৰ ৰিক্তিকা (Vacuole) বা জুলীয়া বহন কৰা সৰু মোনাত থকা এন্থ'ছায়নীন-এইবোৰে ফলটোক ৰঙ দিয়াত গুৰুত্বপূৰ্ণ অংশ গ্ৰহণ কৰে ।
উদাহৰণ স্বৰূপে বিলাহীৰ ৰঙা ৰংটো আহে আহে কেৰেট'নয়ড ৰংকণা লাইকপেনৰ পৰা আহে । পকিবলৈ ধৰাৰ লগে লগে বিলাহী গাত ইয়াৰ ঘনত্ব বৰকৈ আহে । আম পকিবলৈ ধৰাৰ লগে লগে তাৰ গাত হালধীয়া হৈ পৰে । এই ৰং দিয়ে 'বিটা-কেৰটিনে । ৬০০ প্ৰকাৰ কেৰেট'নয়ড ভিতৰত ইও এবিধ । অপেলৰ ৰঙা ৰং আৰু আঙুৰ কিছুমানৰ বেঙুনীয়া ৰং আহে আৰু এই ফলবোৰ ছালত সৃষ্টি হোৱা এন্থাছায়ানীনৰ পৰা । কেতিয়াবা কেতিয়াবা একেবিধ ফলতেই দুয়োবিধ ৰং কণা থাকিব পাৰে ।
দুটা বেলেগ বেলেগ বাটেৰে ফলত ৰং ধৰা প্ৰক্রিয়াটো ঘটিব পাৰে । এটা বাটেৰে হালধীয়া সুমথিয়া ৰঙৰ কেৰেট'নয়ড বা ৰঙা লাইক'পেন জমা হব পাৰে , আনটো বাটেৰে ৰিক্তিকাত এন্থ'ছায়নীন জমা হব পাৰে । আমি যে পকা ফল এটা ওচৰত পালে গোন্ধ পাওঁ তাৰ কাৰণ হ'ল পকা ফলটোৰ পৰা সৃষ্টি হোৱা নানা সুগন্ধী ৰসায়নৰ অনু ফলটোৰ বায়ুত বিয়পি গৈ আমাৰ নাকত সোমোৱাটো ।
কেঁচা ফল এটা ছিঙি অনাৰ পিছতো ঘৰত থৈ দিলেও সি পকী মিঠা আৰু কোমল হৈ পৰে কেনেকৈ ? সেইটো পৰিৱৰ্তি পোষ্টত বিশ্লেষণ কৰিম
No comments:
Post a Comment