অসমৰ ৰাজ্যিক বঁটা প্ৰদান কৰিব শিক্ষক দিৱসৰ দিনা । তালিকা প্ৰকাশ
৫ ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনা অসম চৰকাৰে ৰাজ্যিক বঁটা ২০২১ প্ৰদান কৰিব নিৰ্বাচিত হোৱা শিক্ষক সকলক । বৃহস্পতি বাৰে অসম ৰাজ্যিক বঁটাৰ বাবে নিৰ্বাচিত হোৱা লোক সকলৰ তালিকা প্ৰকাশ কৰিলে নামৰ সৈতে । প্ৰতি বছৰে ৫ ছেপ্টেম্বৰ অৰ্থাৎ শিক্ষক দিৱসৰ দিনা কিছু শিক্ষকক ৰাজ্যিক বঁটা প্ৰদান কৰে যিসকলে ছাত্ৰ- ছাত্ৰী শিক্ষাৰ ক্ষেত্ৰত অভিনৱ পদক্ষেপ লৈছে লগতে ছাত্ৰ-ছাত্ৰী জীৱন সমৃদ্ধ কৰিছে । নিৰ্বাচিত হোৱা শিক্ষক সকলক শংকৰদেৱ কলাক্ষেত্ৰত বঁটা প্ৰদান কৰিব ।
ৰাজ্যিক বঁটাৰ বাবে নিৰ্বাচিত হোৱা লোক সকলৰ ভিতৰত
উচ্চ প্ৰাথমিক :
1. লখিমপুৰ জিলা: মুনিন ভূঞান ,সহকাৰী শিক্ষক , বিহপুৰীয়া মধ্য বুনিয়াদী বিদ্যালয়
2.কাছাৰ জিলা : জয়ন্ত কুমাৰ দাস , বিজ্ঞান শিক্ষক , Chaitanya M.E School
3.কামৰূপ জিলা : নগেন্দ্ৰ নাথ হালৈ , প্ৰধান শিক্ষক, Baranghati M.E Schooll
4.গোৱালপাৰা জিলা : চন্দন চক্ৰৱৰ্তী ,সহকাৰী শিক্ষক , Tukura M.E School
5. কামৰূপ জিলা : ৰাজাত চন্দ্ৰ ভৰালী , প্ৰধান শিক্ষক , Hazo Girls MV School
6. দৰং জিলা : বিনন্দ ভূঞা , প্ৰধান শিক্ষক , Singimari M.E School
7. মৰিগাঁও জিলা : মকবোল হুছেইন , প্ৰধান শিক্ষক , Dhubang Khaity M.E School
8. নগাঁও জিলা : সংগীতা পূজাৰী , সহকাৰী শিক্ষক , Madhav MV School
9. নলবাৰী : অনিল কুমাৰ বৰকাকটি , বিজ্ঞান শিক্ষক , Namati ME School
10. শিৱসাগৰ : ব্ৰজেন বৰা , প্ৰধান শিক্ষক , Lakhinagar M.E School
নিম্ন প্ৰাথমিক বিদ্যালয় :
1.শোণিতপুৰ জিলা : নকুল কুৰমী , প্ৰধান শিক্ষক , Sarypatgaon L.P School
2. যোৰহাট জিলা : ৰুনোমা হাজৰিকা ভৰালী , প্ৰধান শিক্ষক , 13 NO. Chamguri Bonia L.P School
3. বাক্সা জিলা : অশ্বিনী কুমাৰ নাথ , প্ৰধান শিক্ষক , 1840 No. Uttar Karhana L.P School
4. দৰং জিলা : শুক্লেচৰ ডেকা , প্ৰধান শিক্ষক ,টেঙাবাৰী এল পি স্কুল
5. ধুবুৰী জিলা : জয়া ৰাণী ৰয় , প্ৰধান শিক্ষক ,2357 No. Uttar Debottar Hasdaha Namasudrapara L.P School
6. যোৰহাট জিলা : ৰীতা বৰদলৈ , সহকাৰী শিক্ষক , Jorhat Muktab Adarsha L.P School
7. কৰিমগঞ্জ জিলা : বিকাশ ৰঞ্জন কালৱাৰ ,689. NO. Bashkaltilla Hindi L.P School
8. নগাঁও জিলা : ৰানো নেওগ ,প্ৰধান শিক্ষয়তি ,Rasharam Borah. L.p School
আমাৰ অসমৰ পৰা দুজন শিক্ষক ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হৈছে তাৰে এজন শিক্ষক হ'ল যোৰহাট জিলাৰ বামুন পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ কনকন কিশোৰ দত্ত আৰু আনজন হ'ল বাক্সা জিলাৰ তামূলপুৰৰ দেউলকুচি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বিনন্দ শ্বগীয়াৰী ।তেওঁলোকক ৫ ছেপ্টেম্বৰ দিনা ৰাষ্ট্ৰপতিয়ে সন্মান জনাব ।
ভাৰতত প্ৰথমজন উপৰাষ্ট্ৰপতি আৰু দ্বিতীয়জন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণয়ন ৫ ছেপ্টেম্বৰ , ১৯৮৮ চনত জন্ম হৈছিল । তেখেতৰ জন্ম দিনটো শিক্ষক দিৱস হিচাপে প্ৰতি বছৰে পালন কৰি আহিছে । সেই দিনা দেশৰ ভবিষ্যত জড়িত হৈ থকা ছাত্ৰ -ছাত্ৰীসকলৰ শিক্ষাৰ প্ৰতি যি অশেষ পৰিশ্ৰম কৰে সেই শিক্ষকসকলক সন্মান জনোৱা হয় ।
No comments:
Post a Comment