আমি সপোন কিয় আমি দেখো ? সপোন দেখা ভালনে ? সপোন ফলিয়ায়নে ?

 

আমি সপোন কিয় আমি দেখো ? সপোন ফলিয়ায়নে টোপনি এক নিৰ্দিষ্ট পৰ্যায়ত আমি সপোন দেখোঁ । সপোন দেখা সময়ত কোনোবাই উঠাই দিলে খিং খিঙীয়া হৈ পৰে । কোনোবাটো সপোন বাস্তৱৰ লগত মিলিও যাব পাৰে , কিন্তু সপোন ফলিয়াব বা পুৱতি নিশাৰ সপোন ফলিয়াব বুলি কোনো কথা নাই । বেছিভাগ সপোনেই বাস্তৱ জীৱনত সেই ঘটনা নঘটে । টোপনি বুলিলে আমি একেবিধ টোপনিকে বুজোঁ যদিও আচলতে টোপনিৰ পৰ্যায় বা অৱস্থা(Stage) কিন্তু কেবাটাও ।

সাধাৰণতে ১৫ মিনিটমান বিছনাত পৰি থকাত মানুহৰ টোপনি আহে । বিছনাত পৰাৰ পাছত মানুহজন ৰক্তচাপ ,নাড়ীৰ স্পন্দন কমি আহিবলৈ ধৰে তেতিয়া তেওঁৰ সজাগতা এটা বিষয়ৰ পৰা আন এটা বিষয়লৈ সলনি হ'বলৈ ধৰে । উদাহৰণ স্বৰূপে তুমি টোপনিৰ এটা অৱস্থাত তুমি হয়ত ক্ৰিকেট খেলখনৰ কথা ভাবি থাকোতে অলপ পিছতে অধ্যক্ষৰ ধমকিৰ কথা মনলৈ আহিল । এয়া হ'ল টোপনিৰ প্ৰথম অৱস্থা । ইয়াৰ পাছত টোপনিৰ দ্বিতীয় অৱস্থা কথা আহে ।হোৱা মানুহজন অচেতন হৈ পৰে ,তেওঁৰ নাড়ীৰ স্পন্দন হাৰ আৰু কমি যায় । ইয়াতকৈ আৰু কমি যায় ।ইয়াতকৈ গভীৰ টোপনিৰ অৱস্থাটো হ'ল তৃতীয় অৱস্থাটো । তাতোকৈ গভীৰ টোপনিৰ অৱস্থাটো হ'ল চর্তুথ অৱস্থাটো ।

চিনেমা চোৱাৰ দৰে :

টোপনিৰ আৰম্ভ হোৱাৰ ৬০ ৰ পৰা ৯০ মিনিটৰ পাছত নাড়ীৰ স্পন্দনৰ হাৰ বাঢ়ি আহে । বন্ধ চকুৰ পতাৰ তলতে চকু দুটা চিনেমা চোৱাৰ নিচিনাকৈ ঘূৰি ফুৰিবলৈ ধৰে । চকুৰ খৰকৈ গতি কৰা টোপনিৰ এই অৱস্থাটোক আৰ ই এম (REM- Rapid Eye Movement ) টোপনি বোলে । আৰ ই এম টোপনিৰ সময়ত মানুহে সপোন দেখে   ।

এই অৱস্থা ২০ মিনিতলৈকে চলিব পাৰে । তাৰ পিছত দ্বিতীয় - তৃতীয় -চতুৰ্থ - তৃতীয় -দ্বিতীয় এনেকৈ পাৰ হৈ মানুহজনে আকৌ সপোন দেখে । এনেদৰে ৰাতিটোৰ ভিতৰত চাৰিৰ পৰা ছয়বাৰলৈ আৰ ই এম সপোন দেখে ।

টোপনিৰ বিশেষজ্ঞসকলে ভাৱে যে মানুহ এজনৰ দৈনন্দিন অভিজ্ঞতাসমূহেই সপোনত দেখা দিয়ে । বিশেষকৈ মানুহজনে তেওঁৰ অসম্পূৰ্ণ আৰু বাধা দি দমাই থোৱা আশা-আকাংক্ষাসমূহকে সপোনত দেখে বুলি বিজ্ঞানী সকলে ভাবে । 

চেতনা অৱস্থাত কৰা কাম , অভিজ্ঞতা আৰু চিন্তাবোৰ সপোনৰ ভাগ কৰা হয় । আমাৰ মনত থাকি যোৱা সপোনবোৰ আমি দিনটোৰ টান আৰু বিপজ্জনক কামবোৰ বাছি উলিয়াই তাৰ প্ৰতি অধিক মনোযোগ আকৰ্ষণ কৰোৱাটো সহায় কৰিব পাৰে বুলি বিজ্ঞানী সকলে ভাবে ।


সৃজনীমূলক সপোন :

মানুহে প্ৰতি ৰাতিয়েই বহু সপোন দেখে । আনে আমাক যদি বাৰে বাৰে  সপোন দেখি থকা অৱস্থাত সাৰ পোৱাই দি থাকে তেনেহ'লে পাছদিনা আমি বদমেজাজি আৰু খিং  খিঙীয়া হৈ থাকিম ।

সপোনে আমাক সৃজনী প্ৰতিভাও দিয়ে । দিনটোত আমাক কৰিব নোৱাৰা বহুতো সমস্যাৰ সমাধান সপোনটো পোৱা যাব পাৰে । ৰুচ ৰসায়ন বিজ্ঞানী ডমিট্ৰি মেণ্ডেলিফে সপোনতো ৰাসায়নিক মৌলবোৰৰ তালিকা আবিষ্কাৰ কৰিছিল । কেকুল নামৰ আন এজন ৰসায়ন বিজ্ঞানীয়ে সপোনতে বেনজিন নামৰ ৰাসায়ন সংৰচনা নিৰূপন কৰিব পাৰিছিল । দিনত এইবোৰ সমস্যাই মনটো বৰকৈ অধিকাৰ কৰি থকা বাবেই হয়তো ৰাতি সপোনত তেওঁলোকে সমাধান পাইছিল ।তেনেদৰে বহুতে হেৰুৱা বস্তুবোৰৰ সন্ধান পাই যায় । 


ৰঙীন সপোনবোৰ : বহুত লোকে বিশ্বাস কৰে আমি সদায় বগা কলা সপুনহে দেখোঁ ,ৰঙীন সপোন নেদেখো । কিন্তু কথাটো সঁচা নহয় । আৰ ই এম টোপনিৰ মাজত হাৰ পোৱাই দিয়া মানুহে গৱেষসকলক তেওঁলোকে ৰঙৰ হুবহু বৰ্ণনা পাৰে ।সপোন বিজ্ঞানীসকলে বিশ্বাস কৰে যে আমি আচলতে ৰঙীন সপোনহে দেখোঁ , কিন্তু পিছদিনা সাৰ পোৱালৈ তাৰ একো ৰঙেই মনত নাথাকে । সেইবাবে সপোনবোৰ বগা-কলা যেন লাগে ।


No comments:

Powered by Blogger.