আমাৰ পৃথিৱীখন এডাল চুম্বকৰ নিচিনা আচৰণ কৰে কিয় ?
পৃথিৱী পৃষ্ঠৰ ভিতৰত আৰু বাহিৰৰ বহু উৎসই এটা চুম্বকীয় ধৰ্মৰ সৃষ্টি কৰে । কিন্তু ভিতৰত ডাইনামো এটাই হ'ল অতি গুৰুত্বপূৰ্ণ উৎস ,কাৰণ এইটো নহলে বাকী উৎসবোৰৰ নাথাকিলেহেঁতেন । অতি প্ৰাচীন কালতে চীন আৰু গ্ৰীছৰ লোকসকলে আবিষ্কাৰ কৰিছিল যে প্ৰকৃতিত পোৱা লোৰ আকৰ মেগনেটাইটে কিছুমান অদ্ভুতধৰণৰ আচৰণ কৰে - ইহঁতে মেগনেটাইটৰ এটা ধৰ্মকে পাছত চুম্বকত্ব(magnetism ) নাম দিয়ে । আৰু এনে ধৰ্ম দেখুওৱা বস্তুক চুম্বক (magnet ) বোলা হয় । তেতিয়া দিনৰ পৰাই লক্ষ্য কৰি অহা হৈছিল যে প্ৰাকৃতিক চুম্বকে পৃথিৱীৰ গাটোৰ কিবা এটা ধৰ্মৰ প্ৰতি সঁহাৰি দিয়ে - চুম্বক এডোখৰ ওলোমাই থলে অৰ্থাৎ তাক মুক্তভাৱে থাকিবলৈ দিলে হয় সদায় এটা নিৰ্দিষ্ট দিশত ৰয় । বহু শতিকা পাছতহে মানুহে অনুমান কৰিব পাৰিলে যে পৃথিৱীখনে এডাল বৃহৎ চুম্বকৰ দৰে আচৰণ কৰে
পৃথিৱীখন এডাল দণ্ড চুম্বকৰ দৰে নেকি ?
ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ ৰাজ চিকিৎসক আৰু পদাৰ্থবিজ্ঞানী উলিয়াম গিলবাৰ্টৈ প্ৰথম অনুমান কৰে যে পৃথিৱীখনে এডাল চুম্বক এডালৰ দৰে আচৰণ কৰে । ১৬০০ চনত তেওঁ ঘোষণা কৰে যে পৃথিৱীখন এডাল বৃহৎ চুম্বকৰ দৰে আচৰণ কৰে । যোৱা শতিকাৰ আদিভাগলৈ তেওঁৰ এই তত্বৰ কোনোৱে বিৰোধিতা নকৰিলে ।
এতিয়া বিজ্ঞানীসকলে জানে যে কেইবাহাজাৰ বা কেইবা নিযুত বছৰৰ মূৰে মূৰে পৃথিৱীৰ চুম্বক ক্ষেত্ৰৰ দিশ ওলোটা হৈ পৰে । কেইহাজাৰ বছৰৰ মূৰে মূৰে পৃথিৱীৰ চুম্বকীয় দক্ষিণ মেৰুটো উত্তৰ মেৰু হৈ পৰে আৰু পৃথিৱীৰ উত্তৰ মেৰুটো দক্ষিণ মেৰু হৈ পৰে ।
গতিকে পৃথিৱীৰ ভিতৰত দণ্ড চুম্বক এডালৰ দৰেকৈ লোৰ বৃহৎ ভঁৰাল আছে বুলি ভাবটো ভুল বুলি প্ৰমাণিত হ'ল । কাৰণ তেনে এডাল দণ্ড চুম্বক থকা হ'লে চুম্বকীয় মেৰুৰ সাল সলনি নহল হেঁতেন । আন এটা কথা হ'ল যে তপত কৰিলে চুম্বকে তাৰ শক্তি হেৰুৱাই । পৃথিৱীৰ ভিতৰখন অতি তপত । এই উষ্ণতাত দণ্ড চুম্বক থকা হ'লে সি তাৰ শক্তি ৰখা কৰিব নোৱাৰিলেহেঁতেন ।
ডাইনেমো তত্ব :
পৃথিৱখনৰ গঠনটো পিয়াজ এটাৰ দৰে তৰপ তৰপ ।পৃথিৱী একেবাৰে বাহিৰৰ তৰপতো ৫ পৰা৫০ কিলোমিটাৰ ডাঠ । এই তৰপতোক খোলা বোলে । ইয়াৰ তলত ২৯০০ কিলোমিটাৰ ডাঠ তৰপটোক বহিঃগৰ্ভ বোলে । ৫২০০ কিলোমিটাৰ পৰা পৃথিৱী কেন্দ্ৰলৈ প্ৰায় ১২০০-১৩০০ কিলোমিটাৰ ডাঠ তৰপটোক অন্তঃগৰ্ভ বোলে ।
গতিকে বহিঃগৰ্ভই ভিতৰৰ অন্তঃগৰ্ভ আৰু বাহিৰৰ প্ৰাৱাৰক(mantle) পৃথক কৰে । অন্তঃগৰ্ভ কঠিন কিন্তু উত্তপ্ত । বহিঃগৰ্ভ গলিত নিকেল আৰু আইৰন সাগৰ এখন আছে বুলি ভূ-বিজ্ঞানীসকলে ভাৱে । প্ৰাৱাৰক(mantle) তলৰ দাঁতিটো আৰু অন্তঃগৰ্ভ ঘনত্ব আৰু উষ্ণতা বেলেগ বেলেগ । এই পাৰ্থক্যৰ বাবে গলিত বহিঃগৰ্ভত পৰিচলন প্ৰবাহৰ সৃষ্টি হয় । অৰ্থাৎ তাত গলিত ,আৰ্হিত পদাৰ্থই তপতোৱা পানীৰ দৰে গতি কৰে । পৃথিৱীখন সৃষ্টিৰ সময়তে তাৰ গাত থকা চুম্বকীয় ক্ষেত্ৰখনত এই আৰ্হিত পদাৰ্থৰ গতিয়ে আৰু চুম্বকত্বৰ সৃষ্টি কৰে । ইয়াকে ' ডাইনামো প্ৰভাৱ'(dynamo effect ) বোলে । প্ৰাৱাৰ আৰু অন্তঃগৰ্ভ ভিতৰত ইলেক্টন গতিয়ে এক প্ৰাকৃতিক ডাইনামো হিচাপে কাম কৰি বিদ্যুৎ উৎপন্ন কৰে ।
বহিঃগৰ্ভই নিকেল-আইৰন সংকৰ ধাতুৰ তৰপটো ইমান তপত যে সি দণ্ড চুম্বক এডালৰ দৰে হৈ পৰিব পাৰে নোৱাৰে । কিন্তু ই বিদ্যুতৰ অতি ভাল পৰিবাহী । পৃথিৱীৰ ডাইনেমোটোৱে শক্তি উৎপাদন কৰাৰ লগে লগে ই বহিঃগৰ্ভক এটা বৃহৎ চুম্বকত পৰিণত কৰে । এই চুম্বক গ্ৰহটোৰ উত্তৰৰ পৰা দক্ষিণলৈ বিস্তৃত হৈ থাকে ।
No comments:
Post a Comment