ৰাষ্ট্ৰীয় শিক্ষক বঁটা 2021 : অসমৰ পৰা দুজন শিক্ষক নির্বাচিত , ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব বঁটা
" ৰাষ্ট্ৰীয় শিক্ষক বঁটা-2021" ৰ বাবে বঁটাৰ বাবে নির্বাচিত লোকসকলৰ তালিকা খন শিক্ষা মন্ত্ৰ্যালয়ে মুকলি কৰি দিছে । আমাৰ অসমৰ পৰা দুজন শিক্ষক ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হৈছে । তাৰে এজন শিক্ষক হ'ল যোৰহাট জিলাৰ বামুন পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ কনকন কিশোৰ দত্ত আৰু আনজন হ'ল বাক্সা জিলাৰ তামূলপুৰৰ দেউলকুচি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বিনন্দ শ্বগীয়াৰী ।5 ছেপ্টেম্বৰ ,2021 অৰ্থাৎ শিক্ষক দিৱসৰ দিনা ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদানৰ অনুষ্ঠান হ'ব । সেই দিনটোতে সৰ্বমুঠ 44 গৰাকী বঁটা প্ৰাপক শিক্ষকক সম্বৰ্ধনা জনাব দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে । অসমৰ লগতে উত্তৰ প্ৰদেশ , মহাৰাষ্ট্ৰ , তামিল নাডু ,তেলেংগানা,অন্ধ প্ৰদেশ , উৰিষ্যা , বিহাৰ , গুজৰাট আৰু ৰাজস্থানৰ পৰাও দুজনকৈ শিক্ষক নির্বাচিত হৈছে ।
শিক্ষা মন্ত্ৰ্যালয়ে নির্বাচিত হোৱা শিক্ষকসকলৰ নামৰ লগত তেওঁলোকৰ বিদ্যালয়ৰ নামৰ সৈতে প্ৰকাশ কৰিছে ।
ৰাষ্ট্ৰীয় শিক্ষক বঁটা 2021 ৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া আৰম্ভ হৈছিল 1 জুনৰ পৰা 10 জুলাই লৈকে । শিক্ষক জনে নিজেই নিজকে মনোনীত কৰিব পাৰিছিল বঁটাৰ বাবে ।শিক্ষক বঁটাৰ বাবে দুটা পৰ্যায়ত বাছনি কৰা হৈছিল প্ৰথমতে জিলা ভিত্তিত আৰু শেষত ৰাজ্যিক পৰ্যায়ত।জিলা পৰ্যায়ত, প্ৰতিখন জিলাতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ বাবে একোটাকৈ জিলা পৰ্যায়ৰ বাছনি কমিটী থাকে ৰাষ্ট্ৰীয় শিক্ষক বঁটা বাবে যত উপায়ুক্ত বা তেওঁৰ মনোনীত ব্যক্তি সভাপতি জিলা ,প্ৰাথমিক শিক্ষা বিষয়া,বিদ্যালয় পৰিদৰ্শক আদি বাছনি কমিটিত অন্তৰ্ভুক্ত ।যিসকল শিক্ষকে বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাত বহুখিনি সহায় কৰে লগতে ছাত্ৰ -ছাত্ৰীৰ জীৱন সমৃদ্ধিশালী কৰি তোলে তেওঁলোকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰা হয় ।
NATIONAL TEACHERS AWARDS LIST 2021 : DOWNLOAD