ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস : কিয় পালন কৰা হয় "ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস" ? জানো আহক ।
হকীৰ যাদুকৰ ৰূপে খ্যাত "মেজৰ ধ্যান চন্দ্ৰৰ" জন্ম ১৯০৫ চনৰ আজিৰ দিনটোতে হয় । তেওঁৰ সন্মান স্বৰূপে আজিৰ দিনটো "ৰাষ্ট্রীয় ক্ৰীড়া দিৱস" হিচাপে পালন কৰা হয় । আমাৰ দেশে প্ৰথমবাৰ "ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰে 29 আগষ্ট,2012 চনত ।ধ্যান চন্দ্ৰৰ আচল নাম "ধ্যান সিং" কিন্তু তেওঁ জোনৰ পোহৰত খেলৰ অভ্যাস কৰাৰ কাৰণে ধ্যান চন্দ্ৰ নাম দিয়ে বন্ধু সকলে । ধ্যান চন্দ্ৰৰ যাদুকৰী খেল দেখি নেদাৰলেণ্ডৰ খেল বিভাগে হকীৰ লাঠি ডাল ভাঙি চাইছিল তাত কিবা সুমুৱাই থয় নেকি বুলি । আনকি ইতিহাসে পাহৰি নোৱাৰা এডলফ হিটলাৰে তেওঁৰ খেলৰ প্ৰতি আকৰ্ষিত হৈ জাৰ্মানী নাগৰিকত্ব লগতে তেওঁৰ আৰ্মীৰ কৰ্ণেল বিষয়া পদ আগবহাইছিল । মেজৰ ধ্যান চন্দ্ৰ বাবে ভাৰতৰ হকী দলে অলিম্পিক ১৯২৮,১৯৩২ আৰু ১৯৩৬ ত তিনিবাৰকৈ সোণৰ পদক পাবলৈ সক্ষম হয় । ধ্যান চন্দ্ৰৰ প্ৰতিভাৰ বাবে ভাৰত চৰকাৰে ১৯৫৬ চনত পদ্ম ভূষণ বঁটা আগবঢ়াই ।
No comments:
Post a Comment