ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰ্যকৰী কৰা প্ৰথমখন ৰাজ্য হৈ পৰিল কৰ্ণাটক , মধ্য প্ৰদেশ দ্বিতীয় ।

 

২৩ আগষ্টত কৰ্ণাটক চৰকাৰে "ৰাষ্ট্ৰীয় শিক্ষা নীতি " কাৰ্যকৰী  কৰাৰ লগে লগে  দেশৰ ভিতৰতে "ৰাষ্ট্ৰীয় শিক্ষা নীতি "কাৰ্যকৰী কৰা প্ৰথমখন ৰাজ্য হৈ পৰে । মধ্য প্ৰদেশ ৰাজ্যও ২৬ আগষ্টত ৰাজ্যত "ৰাষ্ট্ৰীয় শিক্ষা নীতি " কাৰ্যকৰী কৰে । মধ্য প্ৰদেশ ৰাজ্য দেশৰ ভিতৰতে "ৰাষ্ট্ৰীয় শিক্ষা নীতি " কাৰ্যকৰী কৰা দ্বিতীয়খন ৰাজ্য হৈ পৰে । মধ্য প্ৰদেশ চৰকাৰে  চাৰি বছৰ ভিতৰত ৰাজ্যত থকা ১৬ খন বিশ্ববিদ্যালয় আৰু ৪০ খন বিশ্ববিদ্যালয়ত ৰূপায়ন কৰিব ৰাষ্ট্ৰীয় শিক্ষা নীতি -২০২০।

আনফালে দিল্লী বিশ্ববিদ্যালয়েও অহা শৈক্ষিক বৰ্ষৰ পৰা কাৰ্যকৰী কৰিব । দিল্লী বিশ্ববিদ্যালয়ে এম.ফিল  পাঠ্যক্ৰম আঁতৰাই দিব তাৰ সলনি চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰিব । যদি এক বছৰ সম্পূণ কৰে ছাত্ৰ-ছাত্ৰীসকলে তেতিয়া তেওঁলোকক চাৰ্টিফিকেট প্ৰদান কৰিব , যদি দুই বছৰ সম্পূণ কৰে তেতিয়া তেওঁলোকক ডিপ্লমা প্ৰদান কৰিব আৰু যদি তিনি বছৰ সম্পূণ কৰে তেতিয়া তেওঁলোকক ডিগ্ৰী প্ৰদান কৰিব । যদি চাৰি বছৰ সম্পূণ কৰে তেতিয়া স্নাতক বিষয়টোৰ ওপৰত "ডিগ্ৰী সৈতে গৱেষণা" প্ৰদান কৰিব ।

"ৰাষ্ট্ৰীয় শিক্ষা নীতি-2020" অনুমোদন জনাইছিল কেন্দ্ৰিয় কেবিনেটে ২৯ জুলাই ,২০২০ চনত ।  ইয়াৰ আগতে কেবিনেটে দুখন শিক্ষানীতি আনিছিল এখন ১৯৬৮ চনত আৰু এখন ১৯৮৬ চনত । নতুন শিক্ষা নীতি খনে ১৯৮৬‌ চনৰ আইনখন আঁতৰাই পেলায় । পূৰ্বতে থকা "১০+২" ব্যৱস্থাটোক আঁতৰাই তাৰ সলনি ৫+৩+৩+৪ পদ্ধতি আৰম্ভ হব । উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে বছৰত দুবাৰ পৰীক্ষা দিব পাৰিব । পঞ্চম শ্ৰেণীলৈকে মাতৃ ভাষাত শিকিব লাগিব । এম.ফিল  পাঠ্যক্ৰম বন্ধ কৰিব লগতে শিক্ষক হোৱাৰ  নিম্নতম  যোগ্যতা চাৰি বছৰীয়া ইন্টিগ্ৰেটেড বি.এড হ'ব লাগিব ।

ৰাষ্ট্ৰীয় শিক্ষা নীতি খচৰা প্ৰস্তুত কৰিছিল ভাৰতীয় মহাকাশ গৱেষণা সংস্থা প্ৰাক্তন মূৰব্বী কৃষ্ণস্বামী কস্তুৰি ৰংগন  নেতৃত্বত । সেইখন পিছত মানৱ সম্পদ 

মন্ত্ৰ্যালয়ে ২০১৯ চনত প্রকাশ কৰিছিল ।ৰাষ্ট্ৰীয় শিক্ষা নীতিত এতিয়াৰ পৰা বিজ্ঞান বিভাগত পঢ়ি থকা ছাত্ৰ জনেও পদাৰ্থ , ৰসায়ন বিজ্ঞান আদি বিষয় লগত ইচ্ছা কৰিলে কলা বিভাগৰ ৰাজনীতি বিজ্ঞান বা ইতিহাস , সমাজতত্ত্ব আদিও বিষয় হিচাপে লব পাৰিব ।

No comments:

Powered by Blogger.