অসম টেট 2021 অনুষ্ঠিত হ'ব অক্টোবৰত , যোৱাবাৰ অনুষ্ঠিত হৈছিল নৱেম্বৰ,2019

  



অসম টেট 2021 অনুষ্ঠিত কৰাৰ দিশত আগ বাঢ়িছে অসম চৰকাৰে । এইটো নিশ্চয়কৈ অসমৰ পৰীক্ষাৰ্থী সকলৰ বাবে ভাল খবৰ । যোৱাবাৰ অসম টেট অনুষ্ঠিত হৈছিল 10 নৱেম্বৰ ,2019 চনত । National Council for Teacher Education নিয়ম অনুসৰি প্ৰতি বছৰে টেট অনুষ্ঠিত কৰিব লাগে । কিন্তু Covid-19 বাবে 2020 ত অসম টেট অনুষ্ঠিত কৰিব নোৱাৰিলে । আনফালে Ctet প্ৰতি বছৰে দুবাৰকৈ অনুষ্ঠিত কৰি আহিছে ।  Ctet অনুষ্ঠিত হৈছিল এইবছৰ 31 জানুৱাৰীত । কিন্তু covid-19 মহামাৰী বাবে Ctet জুলাই মাহত অনুষ্ঠিত কৰিব নোৱাৰিলে । অসম চৰকাৰে অসম টেট 2019 চনত অনুষ্ঠিত কৰোতে নিম্ন প্ৰাথমিকত টেট পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থী সংখ্যা আছিল 218164  তাৰে মাত্ৰ 18906  জনেহে উত্তীৰ্ণ হৈছিল  আৰু ঠিক একেদৰে উচ্চ প্ৰাথমিকত টেট পৰীক্ষাত অৱতীৰ্ণ হৈছিল 158648 জনে কিন্তু উৰ্ত্তীন হৈছিল মাত্ৰ 15304 জনে । অসম টেট 2021 চনত অনুষ্ঠিত হ'লে ডি.এল.এড আৰু বি.এড ফাইনেল পৰীক্ষা দিব লগা সকলকো সুযোগ প্ৰদান কৰিব । অসম চৰকাৰে 2020 ৰ  আগষ্ট মাহত 9600 জনক নিযুক্তি প্ৰদান কৰিছিল নিম্ন প্ৰাথমিক বিদ্যালয়ত আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত ।2021 চনত 5 ফেব্ৰুৱাৰীত মাহত নতুনকৈ টেট উৰ্ত্তীন 13000 প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিছিল । কিন্তু 2020 চনৰ আগষ্ট মাহত নিযুক্তি প্ৰদান কৰাৰ পদবিলাকক CTET উৰ্ত্তীন হোৱা প্ৰাৰ্থীও আৱেদন কৰাৰ সুযোগ লাভ কৰিছিল , কিন্তু 2021 চনত ফেব্ৰুৱাৰী মাহত নিযুক্তি প্ৰদান কৰা পদবিলাকক CTET উৰ্ত্তীন হোৱা প্ৰাৰ্থী বিলাকত শিক্ষক পদৰ বাবে আৱেদন কৰাৰ সুযোগ দিয়া নাছিল যাৰ বাবে CTET  উৰ্ত্তীন প্ৰাৰ্থী সকলৰ বিৰোধীতা কৰিছিল । অৱশ্যে যদি ৰাজ্য চৰকাৰে টেট অনুষ্ঠিত কৰে তেতিয়া ইচ্ছা কৰিলে চৰকাৰে নিযুক্তি প্ৰক্ৰিয়াত CTET উৰ্ত্তীন প্ৰাৰ্থীক আৱেদন কৰাৰ বাবে সুযোগ নিদিবও পাৰে । যিহেতু অসম টেট 2020 অনুষ্ঠিত নহল নিশ্চিয়কৈ CTET উৰ্ত্তীন প্ৰাৰ্থীক সুযোগ প্ৰদান কৰিব লাগিব । লগতে অসম টেট 2019 উৰ্ত্তীন প্ৰাৰ্থী সকলে চৰকাৰৰ তেওঁলোকক নিযুক্তি দিয়াৰ পাছতহে অসম টেট নতুনকৈ পাতিবলৈ অনুৰোধ কৰি আছে । ছেপ্টেম্বৰ মাহৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰীয়ে । অসম চৰকাৰে 22000 শিক্ষকক নিযুক্তি প্ৰদান কৰিব । ইয়াৰে 10000 হাজাৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত নিযুক্তি প্ৰদান কৰিব আৰু 12000 হাজাৰ উচ্চতৰ মাধ্যমিকত নিযুক্তি প্ৰদান কৰিব ।


No comments:

Powered by Blogger.