ক'ত ক'ত প্ৰযোজ্য নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক ? অসমৰ ক'ত নহয় চাওঁ আহক

নাগৰিকত্ব সংশোধনী বিধেয়কখন বুধবাৰে ৰাজ্যসভাত গৃহীত হয় । এই বিধেয়ক খনৰ  মূল উদ্দেশ্য হল 31 ডিচেম্বৰ 2014 আগতে পাকিস্তান , বাংলাদেশ, আফগানিস্তান পৰা  অহা  পাঁচটা সংখ্যালঘু সম্প্ৰদায় মানুহসকল যেনে হিন্দু , খ্ৰীষ্টান , বৌদ্ধ , পাৰ্চী ,জৈনসকলক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা  ।

নাগৰিকত্ব সংশোধনী বিধেয়ক উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় এলেকা সমূহত প্ৰযোজ্য নহয় 'কেব'

উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্য- অৰুণাচল প্ৰদেশ , মিজোৰাম আৰু মণিপুৰ সম্পূণৰূপে কেবৰ প্ৰভাৱৰ পৰা আঁতৰত থাকিব । অন্য তিনিখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য -
নাগালেণ্ডতো ডিমাপুৰ বাহিৰে বাকী এলেকাত প্ৰযোজ্য নহয় কেব ।
ঠিক একেদৰে মেঘালয়ৰ ,  শ্বিলঙৰ বাহিৰে বাকী এলেকাত প্ৰযোজ্য নহয় কেব ।

অসমত ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত তিনিটা জনজাতীয় এলেকা - কাৰ্বি আংলং , বিটিচি  , ডিমা হাছাওত প্ৰযোজ্য নহয় কেব  ।


Powered by Blogger.