India Innovation Index 2019 : উত্তৰ-পূৰ্বাঞ্চলৰ আৰু পাহাৰীয়া ৰাজ্য সমূহৰ ভিতৰত অসমৰ স্থান অষ্টম ।
India Innovation Index 2019 :
ভাৰতীয় উদ্ভাৱন সূচক 2019 মুকলি কৰিলে নীতি(NITI) আয়োগে । প্ৰধান ৰাজ্য সমূহৰ ভিতৰত কৰ্ণাটক শীৰ্ষ স্থানত আছে । তামিলনাডু , মহাৰাষ্ট্ৰ , তেলেংগানা , হাৰিয়ানা , কেৰেলা , উত্তৰ প্ৰদেশ , পশ্চিমবংগ , গুজৰাট আৰু অন্ধপ্ৰদেশ ৰাজ্যকেইখন প্ৰধান ৰাজসমূহৰ ভিতৰত প্ৰথম দহটা স্থানত আছে ।
কেন্দ্ৰিয় শাসিত অঞ্চল সমূহৰ ভিতৰত দিল্লী প্ৰথম স্থানত আছে । উত্তৰ পূৰ্বাঞ্চল আৰু পাহাৰীয়া ৰাজ্যসমূহৰ ভিতৰত ছিক্কিম প্ৰথম স্থানত আছে । মণিপুৰ চতুৰ্থ স্থানত, ত্ৰিপুৰা ষষ্ঠ স্থানত , অৰুণাচল সপ্তম স্থানত , অসম আছে অষ্টম স্থানত ।
মন কৰিবলগীয়া উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত মণিপুৰ প্ৰথম স্থানত আছে ।
India innovation Index 2019 মুকলি কৰোতে উপস্থিত আছিল নীতি আয়োগ ভাইছ চেয়াৰমেন ডঃ ৰাজীৱ কুমাৰ , নীতি আয়োগৰ CEO অমিতাভ কান্ত , বিজ্ঞান বিভাগৰ অশোতুচ শৰ্মা , Biotechnology বিভাগৰ সচিব ৰেণু স্বৰূপ ।