মহাত্মা গান্ধীক কিয় দিয়া নহল "শান্তিৰ নোবেল বঁটা" আৰু "ভাৰত ৰত্ন "?


শান্তিৰ নোবেল বঁটা তেওঁক দিয়া হয় যাৰ পৃথিৱীৰ শান্তিৰ ক্ষেত্ৰত অসামান্য অৱদান আছে । নোবেল বঁটা দিয়া হয় ডাইনামাইট আবিষ্কাৰক অলফ্ৰেড নোবেল স্মৃতিত পাঁচটা বিভাগত দিয়া হয় -পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, শৰীৰ-ৰচনা বিজ্ঞান আৰু চিকিৎসা, সাহিত্য আৰু শান্তি ।
শান্তিৰ নোবেল  বঁটা প্ৰথমবাৰ দিয়া হৈছিল 1901 চনত , 117 বছৰ আগতে ইণ্টাৰ-পাৰ্লিয়ামেণ্টেৰী ইউনিয়নৰ সহ-প্ৰতিষ্ঠাপক ফ্ৰেডেৰিক পেছী আৰু আন্তৰ্জাতিক ৰেড ক্ৰছ সমিতিৰ  প্ৰতিষ্ঠাপক হেনৰী ডুণান্টক । আজিৰ লৈকে 100 বাৰ শান্তিৰ নোবেল বঁটা দিয়া হল 107 জন ব্যক্তিলৈ আৰু 27 তা সংগঠনলৈ ।

কিন্তু প্ৰশ্ন হয় মহাত্মা গান্ধীক কিয় নোবেল বঁটা দিয়া ন'হল আজিলৈকে ?

মহাত্মা গান্ধী  শান্তিৰ নোবেল বঁটাৰ মনোনীত হৈছিল 1937, 1938,1939 আৰু 1947 চনত । মহাত্মা গান্ধী ভাৰত স্বাধীন হোৱাৰ পিছত নোবেল বঁটাৰ পোৱাৰ সম্ভাৱনা যথেষ্ট আছিল । তেওঁ পুনৰ 1948 চনত নোবেল বঁটাৰ বাবে মনোনীত হয় । কিন্তু নোবেল বঁটাৰ বাবে চূড়ান্ত কৰা হল বুলি ঘোষণা কৰাৰ কিছুদিনৰ আগতে মহাত্মা গান্ধী হত্যা কৰে নাথুৰাম গডছে ।
নোবেল বঁটা কমিটিয়ে ৰাজহুৱা ভাৱে দুখঃ প্ৰকাশ কৰিছিল মহাত্মা গান্ধীক নোবেল বঁটা বিজয়ী তালিকাৰ পৰা বাদ দিব লগা হোৱাৰ বাবে ।সেইকাৰণে নৰৱে নোবেল বঁটা কমিটিয়ে সেইবছৰত ,1948 ত শান্তিৰ নোবেল বঁটা কাৰোকে নিদিলে ।
আচলতে নোবেল কমিটিৰ নিয়ম মতে নোবেল বঁটা মৰণোত্তৰভাৱে দিয়া নহয় । অৱশ্যে ব্যক্তি জনক যদি নোবেল   বঁটা দিয়া হল । কিন্তু গ্ৰহণ কৰাৰ আগতে যদি মৃত্যু হয়  । তথাপিও বঁটা দিয়া হব ।
নোবেল বঁটা কমিটিয়ে গভীৰভাৱে দুখ প্রকাশ কৰিছিল গান্ধীজীক বাদ পৰা বাবে । 1989 চনত যেতিয়া নোবেল বঁটা দিয়া হৈছিল তেতিয়া নোবেল কমিটিৰ চেয়াৰমেন কৈছিল this award to the Dalai lama is a "tribute to the memory of Mahatma Gandhi

ভাৰত ৰত্ন কিয় দিয়া নহল মহাত্মা গান্ধীক ?


মহাত্মা গান্ধী স্বাধীনতা আন্দোলনত যথেষ্ট অৰিহণা আগবঢ়াইছিল । 1948 তেওঁক হত্যা কৰা হৈছিল । ভাৰত ৰত্ন আৰম্ভণি হৈছিল 1954 চনত সেইকাৰণে ভাৰত ৰত্ন বঁটাৰে বিভূষিত নহয় । অৱশ্যে মহাত্মা গান্ধী ভাৰত ৰত্ন দিয়া আৰু ডক্টৰেট ডিগ্ৰীধাৰীক মেট্ৰিক চাৰ্টিফিকেট দিয়া একে কথা 
Powered by Blogger.