উচ্চতম ন্যায়ালয় নতুন মুখ্য ন্যায়াধীশ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ । শৰৎ অৰবিন্দ বোবদে 47 তম উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব 18 নৱেম্বৰ , 2019 ।


মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কেন্দ্ৰ চৰকাৰলৈ  শৰৎ অৰবিন্দ বোবদে পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিবলৈ পৰামৰ্শ আগবঢ়াই চিঠি দিছে ।
শৰৎ অৰবিন্দ বোবদে 47 তম উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব 18 নৱেম্বৰ , 2019 । মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ অৱসৰ লব 17 নৱেম্বৰ , 2019 । মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে শপত গ্ৰহণ কৰিছিল 3 অক্টোবৰ , 2018 চনত । তেওঁৱেই হৈছে উত্তৰ-পূব ভাৰতৰ পৰা নিযুক্তি লাভ কৰা প্ৰথম গৰাকী উচ্চতম ন্যায়ালয় ন্যায়াধীশ । ন্যায়াধীশ ৰঞ্জন গগৈ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী , কেশৱ চন্দ্ৰ গগৈৰ পুত্ৰ ।
শৰৎ অৰবিন্দ বোবদে কাৰ্যকাল হব এক বছৰ পাঁচমাহ  , 23 এপ্ৰিল 2021 চনলৈকে ।

শৰৎ অৰবিন্দ বোবদে জন্ম নাগপুৰ, মহাৰাষ্ট্ৰত । তেওঁ বোম্বে উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল 2000 চনত । মহাৰাষ্ট্ৰ উচ্চ ন্যায়ালয় মুখ্য ন্যায়াধীশ হিচাপেও কাম কৰিছিল । তাৰ পিছত 2013 চনত উচ্চতম ন্যায়ালয় ন্যায়াধীশ হিচাপে উন্নীত হয় ।
শৰৎ অৰবিন্দ বোবদে হৈছে দ্বিতীয়গৰাকী  উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ ।
Powered by Blogger.